সংবাদ লহৰ 09/08/21: বলীউডৰ জনপ্ৰিয় অভিনেতা অনুপম শ্য়ামৰ দেহাৱসান। ধাৰাবাহিক আৰু বলিউডৰ বিভিন্ন ছবিত দেখিবলৈ পোৱা গৈছিল জনপ্ৰিয় অভিনেতা গৰাকীক। দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতা গৰাকীয়ে। ৬৩ বছৰ বয়সত মুম্বাইৰ এখন চিকিত্সালয়ত শেষ নিশ্বাস ত্য়াগ কৰে অনুপম শ্য়ামে। উল্লেখ্য যে, দ্য় লিটিল বুদ্ধা, হাল্লাবোল, শ্লামডগ মিলিয়নাৰ, পান চিং টোমৰ, দিল ছে, নায়ক, লগান আৰু লজ্জাৰ দৰে ছবিত অভিনয় কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল অভিনেতা গৰাকীয়ে। অভিনেতা গৰাকীৰ বিয়োগত এতিয়া শোকৰ ছা পৰিছে ছলচিত্ৰ জগতত। অধিকাংশ ছবিতে খলনায়কৰ ৰ্ূপত অভিনয় কৰিছিল অভিনেতা গৰাকীয়ে।