Skip to content
জনতা ভৱনত শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল
Home - Education - জনতা ভৱনত শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল
ডিজিটেল ডেস্ক১৮ আগষ্ট : জনতা ভৱনত আজি এখন গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য, শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সংবাদমেলতে সুদীৰ্ঘ ছয় বছৰৰ অন্তত চৰকাৰে প্ৰাদেশিকীকৰণ কৰা ৩৫৫ খন শিক্ষানুষ্ঠানৰ তালিকা আজি মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱাৰ কথা উল্লেখ কৰে। সেই অনুসৰি ১৪৯খন মাধ্যমিক বিদ্যালয়, ৯খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৪৯ খন কনিষ্ঠ মহাবিদ্যালয় আৰু ২৭ খন মহাবিদ্যালয়ৰ তালিকা প্ৰকাশ পাব। আনহাতে অতি শীঘ্ৰেই টে’ট উত্তীৰ্ণ ৭০০০ প্ৰাথমিক পৰ্যায়ৰ শিক্ষকক নিযুক্তি দিব ৰাজ্য চৰকাৰে। ২৭ আগষ্টত কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে ৩০০ শিক্ষকক নিযুক্তি প্ৰদান কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। ইয়াৰে বাকী সকলে বিভাগীয় ৱেবছাইটৰ পৰা নিযুক্তি পত্ৰ ডাউনলোড কৰিব পাৰিব বুলি সদৰী কৰে মন্ত্ৰী গৰাকীয়ে। তদুপৰি ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহত ৭৪৪০ হাইস্কুল শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। হাইস্কুল টে’ট উত্তীৰ্ণ সকলে এই পদত আৱেদন কৰিব পাৰিব। শিক্ষামন্ত্ৰী গৰাকীয়ে আৰু কয় যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ২২ হাজাৰ ছাত্ৰীক ১৫ অক্টোবৰৰ ভিতৰত পেট্ৰ’লচালিত স্কুটী প্ৰদান কৰা হ’ব । যিসকলে পেট্ৰ’লচালিত স্কুটী নিবিচাৰে তেওঁলোকে sebaonline.org ৱেবছাইটত ইলেকট্ৰিকেল স্কুটীৰ বাবে আৱেদন কৰিব পাৰিব। এই স্কুটী তিনিবছৰলৈ কোনেও বিক্ৰী কৰিব নোৱাৰিব। ইফালে সমাগত শিক্ষক দিৱসত ১৫০ গৰাকী শিক্ষকৰ উপস্থিতিত শিক্ষা বিভাগে অনুষ্টুপীয়াকৈ শিক্ষক দিৱস উদযাপন কৰাৰ কথা উল্লেখ কৰি জিলা পৰ্যায়ত মুঠ ৫০ জন শিক্ষকক লৈ শিক্ষক দিৱস উদযাপনৰ আহ্বান জনাই শিক্ষা মন্ত্ৰী গৰাকীয়ে। এই কাৰ্যসূচীত ছাত্ৰ- ছাত্ৰীসকল উপস্থিত থাকিব নোৱাৰিব। স্মৰ্তব্য যে, ২১-৩০ আগষ্টৰ ভিতৰত ৰাজ্যৰ শিক্ষকসকলে বাধ্যতামূলক কৰ’না পৰীক্ষা কৰি কৰ’না নিগেটিভ প্ৰমাণ পত্ৰ লৈ ১ ছেপ্তেম্বৰত বিদ্যালয়ত যোগদান কৰিব লাগিব অন্যথা দৰমহা কৰ্তনৰ কৰা হ’ব বুলি সদৰী কৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে। উল্লেখযোগ্য যে,আজিৰে পৰা আৰম্ভ হোৱা পবিত্ৰ ভাদমাহ উপলক্ষে নামঘৰত ১০-১৫ গৰাকী আই-মাতৃৰ উপস্থিতিত সামাজিক দূৰত্ব বজাই নাম প্ৰসংগ কৰিবলৈ আহ্বান জনাই ৰাজ্যৰ স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।