sangbad lahar logo

“জনজীৱনৰে ৰং শুকুলা…”

ডিজিটেল ডেস্ক , লখিমপুৰ/প্ৰাঞ্জল খাউণ্ডঃ– কোৱা হয় ছবিয়ে কথা কয়। কিন্তু অসাধাৰণ শৈলীৰে ছবি আঁকিলে কেৱল কথাই নকয় সেই ছবিয়ে ৰচে অভিলেখ। হয়, চিত্ৰকলাৰ আনুষ্ঠানিক শিক্ষা অবিহনেই জনজীৱনৰ ৰং বুলাবলৈ হাতত তুলিকা তুলি লোৱা লক্ষীমপুৰৰ এগৰাকী এইগৰাকী উদীয়মান চিত্ৰশিল্পীয়ে গঢ়িছে এক অনবদ্য অভিলেখ। এইগৰাকী উদীয়মান চিত্ৰশিল্পী লক্ষীজ্যোতি শইকীয়াই চিত্ৰপটৰ সলনি তুলিকাত ছবি আঁকি অসম বুক অব্ ৰেকৰ্ডত নিজৰ নাম কৰিছে খোদিত।
সাধাৰণতে বহুজনে ছবি আঁকিবলৈ ব্যৱহাৰ কৰা তুলিকাতে অভিনৱ পন্থাৰে অংকন কৰিছে ইখনৰ পিছত সিখন মনোৰম ছবি। যাৰ পৰিপ্ৰেক্ষিততে লক্ষীজ্যোতিৰ এই অসাধাৰণ প্ৰতিভাই পাইছে এক বিশেষ স্বীকৃতি।

অনাগত সময়ত প্ৰতিভাৰ জ্যোতিৰে স্বদেশ স্বকাল জাতিষ্কাৰ কৰি চিত্ৰকলাৰ ক্ষেত্ৰত লক্ষ্যজ্যোতিয়ে লাভ কৰক এক সুকীয়া স্থান।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *