
চিকিৎসাৰ বাবে থমকি ৰব লগা হৈছে দুটি সন্তানৰ পিতৃ । আৰ্থিক সংকটত ভূগীছে দুৰ্ভগীয়া পৰিয়ালটোৱে । হয় , লাহৰিঘাট অঞ্চলৰ ৰিংকুৰ কথা । অঞ্চলটোৰ বৰখাৱৰ গাঁৱৰ মুনছুৰ আলী ওৰফে ৰিংকু কিছুদিন ধৰি আক্ৰান্ত হৈছে জটিল ৰোগত ৷ সম্প্ৰতি যুৱক জন নগাওঁস্থিত ডিউ কেয়াৰ হস্পিটালৰ আই চি ইউত মৃত্যুৰ সৈতে যুঁজি আছে। চিকিৎসাৰ বাবে এতিয়া বহুত ধনৰ প্ৰয়োজন । উপায়হীন হৈ দূৰ্ভগীয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ৰিংকুৰ চিকিৎসাৰ বাবে সংবাদ মাধ্যমৰ জড়িয়তে সহায় বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ লগতে দল সংগঠন তথা ৰাইজৰ ওচৰত সহায় বিচাৰিছে দুৰ্ভগীয়া দুই সন্তানৰ মাতৃগৰাকীয়ে । যদি কোনো সু-হৃদয়ৱান ব্যক্তিয়ে সহায় কৰিব বিছাৰে তেন্তে ৰিংকুৰ পত্নী ছাবিনা ইয়াছমিনৰ মোবাইল নম্বৰ 7896370257 ত যোগাযোগ কৰিব পাৰিব নাইবা পাঞ্জাৱ নেশ্যনেল বেংক লাহৰিঘাট শাখাৰ একাউণ্ট নম্বৰ 0778010693233 IFSC Code – UTBI0LAHG33 ত আৰ্থিক সহায় আগবঢ়াব পাৰিব৷ আপোনাৰ অকনমান সহায়ে হয়তো হাঁহি বিৰিঙাব পাৰে দুৰ্ভগীয়া পৰিয়ালটোক ।