জোনমনি ৰাভাই AS 01 EN 7273 নম্বৰৰ নিজৰ মাৰুতী এক্সপেচ’ চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী UP 78 UT 4518 নম্বৰৰ কন্টেইনাৰ ট্ৰাকত নিশা প্ৰায় ডেৰ(১-৩০) বজাত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলতেই ঘটনাস্থলীতে মৃত্যু হয় উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ । ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ জোনমণি ৰাভাৰ মৃতদেহ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ লৈ যায় । পুৱতি নিশাই ঘটনাস্থলীত নগাওঁ জিলা আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । জোনমণি ৰাভাৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।