একেৰাহে তৃতীয়বাৰৰ বাবে চীনৰ ৰাষ্ট্ৰপতি হোৱাৰ নজিৰ গঢ়ি তুলিছে । এই কেন্দ্ৰীভূত নিৰপেক্ষতাবাদী শক্তিয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ছি জিনপিঙক আৰু অধিক অসাৱধান কৰি তুলিব বুলি আশংকা কৰিছে আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বই । চীনৰ ৰিস্ক লোৱাৰ প্ৰৱণতা বৃদ্ধি পাব । চীনৰ শাসকীয় কমিউনিষ্ট পাৰ্টিয়ে শুকুৰবাৰে এই সপ্তাহত সংসদত অনুষ্ঠিত হোৱা নেশ্যনেল পিপলছ কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত তেওঁক আগন্তুক পাঁচ বছৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা বুলি প্ৰকাশ কৰে ।