sangbad lahar logo

ছিপাঝাৰত জলসিঞ্চন বিভাগৰ সংমণ্ডল কাৰ্যালয়ৰ শুভ উদ্বোধন…

বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীৰ‌ জলসিঞ্চন বিভাগৰ ছিপাঝাৰ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ নৱ নিৰ্মিত কাৰ্যালয়টো আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে।এইলৈ দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে ছিপাঝাৰত জলসিঞ্চন বিভাগৰ কাৰ্যালয় এটি মুকলি কৰিবলৈ পায় নিজকে সুখী হোৱা বুলি উল্লেখ কৰাৰ লগতে কাৰ্যালয়টোৰ জৰিয়তে অঞ্চলটোৰ ৰাইজৰ উপকাৰ সাধন হ’ব বুলি আশা প্ৰকাশ কৰে। বিভাগৰ কৰ্মচাৰী আৰিফ আলীয়ে আঁতধৰা সভাখনত জলসিঞ্চন বিভাগৰ দৰং জিলাৰ কাৰ্যবাহী অভিযন্তা, সহ-অভিযন্তাকে ধৰি কৰ্মচাৰী সকল উপস্থিত আছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *