এক ঐতিহাসিক ক্ষণৰ সাক্ষী চৰাইদেউ জিলাৰ সোণাৰিৰ বেঙেনাবাৰী সৰুপথাৰ গাঁৱৰ ৰাইজ। ১৯৩১ চনৰ এখন জাতীয় পতাকা উদ্ধাৰ হোৱা পিছত ৰাইজৰ মাজত ব্যাপক উৎকণ্ঠা ।স্বাধীন ভাৰতৰ পূৰ্বৰখন পতাকা উদ্ধাৰ হৈছে সোণাৰিৰ সৰুপথাৰ নিৱাসী নয়নমণি ৰাজখোৱাৰ বাসগৃহত। অতি পৌৰাণিক জাতীয় পতাকাখন নয়নমণিৰ বাসগৃহত উদ্ধাৰ হোৱাৰ পিছতে স্বাধীন ভাৰতৰ গৌৰৱময় পতাকাখন দৰ্শন কৰিবলৈ স্থানীয় ৰাইজে লগাই হেতাওপৰা।