
২০ মাহ পিছত ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ ১৯ অক্টোবৰৰ পৰা খুলিবলৈ নিৰ্দেশ দিয়াৰ পাছতে চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ আবাসিক এলেকাত থকা শিক্ষানুষ্ঠান এখন হটস্পট হৈ পৰিছে ক’ভিডৰ। উল্লেখযোগ্য যে ১৯ অক্টোবৰৰ দিনা বিদ্যালয়খনৰ শ্ৰেণীকোঠাত উপস্থিত থকা এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ২০ অক্টোবৰৰ দিনা ক’ভিড আক্ৰান্ত হোৱা বুলি ধৰা পৰাৰ পাছত শুক্ৰবাৰে বিদ্যালয়খনত স্বাস্থ্য বিভাগে ছাত্র-ছাত্ৰী সকলৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰাত দুগৰাকী ছাত্র-ছাত্ৰী ক’ভিড আক্ৰান্ত হোৱা বুলি ধৰা পৰে। আক্ৰান্ত এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰী হোৱাৰ বিপৰীতে আনগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ।