sangbad lahar logo

চোৰৰ লক্ষ্য এইবাৰ বিদ্যালয় । দৰঙৰ বিদ্যালয়ত সঘনে চোৰৰ লুটৰাজ । চোৰে লুটি নিছে বিদ্যালয়ৰ কম্পিউটাৰ , লেপ- টপ, পানী মটৰ ইত্যাদি ।

ইখনৰ পিছত সিখন বিদ্যালয়ত সোমাইছে চোৰ।

চোৰে লুটি নিছে বিদ্যালয়ৰ কম্পিউটাৰ , লেপ টপ, পানী মটৰ ইত্যাদি । আজি পুনৰ মঙ্গলদৈ চহৰৰ গাতে লাগি থকা বামুনপাৰা বালক প্ৰাথমিক বিদ্যালয়ত চুৰি কাৰ্য । চোৰে খিৰিকী ভাঙি ফেন, টেবলেট, ফাষ্ট এইদ বক্স, উনিফৰ্ম, আৰু খেলৰ সামগ্ৰী লুটি নিয়ে । ইয়াৰ পূৰ্বেও এই বিদ্যালয়ৰ পৰা পানী মটৰ চুৰি হৈছিল । দৰং আৰক্ষীৰ পহৰাৰ মাজতে কেনেকৈ সঘনাই চুৰি কাৰ্য্য সংঘটিত হৈ আছে সেয়াও ৰহস্যৰ কাৰণ হৈ পৰিছে ।

Related Articles