
মৰিয়নি সমষ্টিৰ চেলেংহাটৰ লুখুৰাখন গাঁৱত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। মাছ ধৰিবলৈ যোৱা এজন বিবাহিত যুৱকৰ সলিল সমাধি হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে যোৰহাট জিলাৰ অন্তৰ্গত চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত লুখুৰাখন গাঁৱত চাৰিজন বন্ধু দিনৰ প্ৰায় এঘাৰ বজাত মাছ মাৰিবলৈ গৈছিল গাঁৱৰ কাষৰে এটা পুখুৰীত। তাৰে দুজন পুখুৰীত নামি আঠোঁৱাক জাল হিচাপে লৈ মাছ ধৰিছিল। হঠাৎ ৰুবুল ফুকন নামৰ বিবাহিত যুৱকজন পুখুৰীৰ পানীত ডুব যায়। লগতে পানীত থকাজনে চেষ্টা কৰিও উদ্ধাৰ কৰিব নোৱাৰি কাকো খবৰ নিদিয়াকৈ আটাইকেইজন ঘৰলৈ উভতি যায়। গধুলি ৰুবুল ফুকন ঘৰলৈ উভতি নহাত বিচাৰ খোচাৰৰ পিছত স্থানীয় ৰাইজে বাকীকেইজনক সোধপোচ কৰাত ঘটনা পোহৰলৈ আহে। পৰৱৰ্তী সময়ত চেলেংহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। বাকী তিনিওটা সহযোগী প্ৰাঞ্জল ফুকন, বিমল ফুকন আৰু অচিন্ত ফুকনক সোধপোচৰ বাবে আৰক্ষীয়ে আটক কৰে। ঘটনাটোৱে এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়।