sangbad lahar logo

চুৰি বিদ্যা মহা বিদ্যা ধৰা পৰিলে শিলৰ খুন্দা। এই ঘটনাই সংঘটিত হৈছে মহানগৰীত।

বলিউডৰ (BollyWood) ৰ চোৰৰ কায়দাত স্কুটি (Scooty) চোৰ কৰি প্ৰেয়সী (girl friend) ৰ সৈতে মহানগৰী পৰিভ্ৰমন স্কুটি (Scooty) চোৰৰ ।

চুৰি কৰা স্কুটিত (Scooty) ত প্ৰেয়সী (girl friend) ক হেলমেট (helmat) নিপিধাই ঘূৰাই থকা অৱস্থাতে চালান কাটে মহানগৰ আৰক্ষীয়ে।

আনহাতে চালান কটাৰ বাৰ্তা লাভ কৰাৰ লগে-লগে ভৰলু আৰক্ষীক যোগাযোগ কৰে বাহনখনৰ স্বত্বাধিকাৰীয়ে। কিন্তু, মহানগৰীৰ ভিৰৰ মাজত অন্তৰ্ধান হয় চোৰ।

আনহাতে ভৰলু থানাত যোৱা ডিচেম্বৰ মাহৰ ৩ তাৰিখে 337/2022 নম্বৰত section 379 IPC ধাৰাত এটা গোচৰ ৰুজু কৰে গাড়ীখনৰ মালিকে ।

আজি কামৰূপ জিলাৰ আমিনগাঁওৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ পৰা গাড়ীখন উদ্বাৰ কৰাৰ লগতে চোৰ জনকো কৰায়ত্ব কৰে।

আৰক্ষীয়ে সদৰি কৰা মতে চোৰজন গুৱাহাটী কলাপাহৰৰ জয়দ্বিপ চন্দা আৰু তেওঁ কামৰূপ জিলাৰ গড়াকাপ্তানি বিভাগৰ এজন কৰ্মচাৰী।

Related Articles