sangbad lahar logo

চীনৰ ১৫ খন চহৰত ‘ডেল্টা’ প্ৰজাতিৰ সংক্ৰমণ চিনাক্ত……

ৰাজধানী বেইজিংসহ চীনৰ মুঠ ১৫ খন চহৰত কৰ’নাৰ ‘ডেল্টা’ প্ৰজাতিৰ সংক্ৰমণ চিনাক্ত হ’ল । দেশখনৰ জোৱাংগছু প্ৰদেশৰ ৰাজধানী নানজিঙৰ বিমানকোঠৰ পৰা ‘ডেল্টা’ৰ প্ৰথম সংক্ৰমণ ধৰা পৰিছিল ।বিমানকোঠৰ কে’বাজনো কৰ্মচাৰী ক’ভিডৰ নতুন প্ৰজাতিৰ ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত উক্ত বিমানকোঠটো বন্ধ ৰখা হৈছে । চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, শনিবাৰে দেশৰ মুঠ ১৫ খন চহৰত কৰ’নাৰ ‘ডেল্টা’ প্ৰজাতিত আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছিল ।
বৰ্তমানলৈকে চীনত ৯২,৯৩০ জন লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু ৪,৬৩৬ জন লোকে এই ভাইৰাছত প্ৰাণ হেৰুৱালে । সম্প্ৰতি দেশখনত ৯৭১ জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে ২৬ জনৰ অৱস্থা সংকটজনক ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *