মাৰ্ঘেৰিটাৰ কালিবাড়ী নিবাসী মৌচুমী দত্ত আৰু পৰীক্ষিত দত্ত সুযোগ্য কন্যা মনালিছা দত্তই সদ্য ঘোষিত চি বি এছ ই ৰ দশম শ্ৰেণীৰ ফলাফলত ৯৮ শতাংশ লাভ কৰি উত্তীৰ্ণ হয়। তেওঁ অংক আৰু কম্পিউটাৰ বিষয়ত ১০০ শতাংশ নম্বৰ লাভ কৰে। মাৰ্ঘেৰিটাৰ বৰগোলাইৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নৰত মনালিছা দত্তই অতি সফলতাৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে মাৰ্ঘেৰিটালৈ সুনাম কঢ়িয়াই আনিছে। বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ লগতে পৰিয়ালৰ লোকে মনালিছাৰ এনে সফলতাত যথেষ্ট গৌৰৱ অনুভৱ কৰা দেখা গৈছে।অতি মেধাৱী ছাত্ৰী মনালিছা দত্তই শিক্ষাৰ বাহিৰেও ভাৰতৰ বিভিন্ন ঠাইত বিজ্ঞান প্ৰদৰ্শনী মেলাত অংশগ্ৰহণ কৰি বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
