
অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ চিলাপথাৰ উপ-সংমণ্ডলত গ্ৰাহকৰ বিদ্যুৎ বিলৰ নামত ব্যাপক বিসংগতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে। সংমণ্ডলটোৰ অধীনৰ কুলিবজাৰ দেৱেন্দ্ৰনগৰৰ ইন্দ্ৰজিত দাস নামৰ লোকজনৰ অক্টোবৰ মাহৰ বিদ্যুৎ বিল আহিছে ৩০৩০ টকা । ঘৰত কেৱল দুটা লাইট আৰু এখন ফেন চলে লোকজনৰ ঘৰত । সেইদৰে ভূষণ ৰাজবংশী নামৰ লোকজনৰ নামত ছেপ্টেম্বৰ মাহৰ বিল আহিছিল ৪২৪১ টকা । তেওঁ জানিবলৈ দিয়া অনুসৰি আগষ্ট মাহত তেওঁৰ দিবলৈ বাকী থকা তিনি হাজাৰ টকা জমা কৰিছিল যদিও সেই টকা সংগ্ৰহকে জমা নকৰি নিজে উদৰস্থ কৰে । ৰাইজে কৰা অভিযোগ অনুসৰি বিভাগৰ ফালৰ পৰা প্ৰতিমাহে বিল নিদিয়ে ৰাইজক । তিনি চাৰি মাহৰ মুৰতহে দিয়ে । আকৌ ধন জমা দিয়াৰ পিছত একাংশ গ্ৰাহকৰ ধন কাৰ্যালয়ত জমা নকৰাৰ ফলত পুনৰ বিলৰ লগত যোগ হৈ আহে ধনখিনি । সেই সন্দৰ্ভত চিলাপথাৰৰ কাৰ্যালয়ত জনাবলৈ গ’লে সংগ্ৰাহকৰ লগত কথা পাতিবলৈ কৈ পঠায়। সেইদৰে কোনো জাননী নিদিয়াকৈ কিছু পৰিয়ালৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়াৰো অভিযোগ কৰিছে একাংশই । বিদ্যুৎ বিভাগৰ এনে বিসংগতি দূৰ কৰি গ্ৰাহকক ন্যায় দিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে।