
দেশ ৰাজ্য তথা বিভিন্ন স্থানৰ লগতে ধেমাজি জিলাৰ চিলাপথাৰত বিজয়া দশমীৰ দিনাখন দিয়া হ’ল দেৱী বিসৰ্জন। উৎসৱমুখী পৰিবেশৰ মাজেৰে দেৱীৰ পূজা সম্পন্ন কৰি আজি নৃত্য-গীতৰ মাজেৰে দেৱী দুৰ্গাক বিসৰ্জনৰ দিয়া পৰিলক্ষিত হয়। চিলাপথাৰ অঞ্চলৰ বিভিন্ন ঠাইৰ পূজা উদযাপন সমিতিয়ে লিকাবালি গাই নদীত দেৱীক বিসৰ্জন দিয়ে। আনহাতে মিছিংপুৰ ছিলতীয়া গাওঁৰ সাৰ্বজনীন নৱ দূৰ্গাপূজা উদযাপন সমিতিয়ে ছিলাসুঁতি স্থিত ঘাগ্ৰা নৈত উৎসৱ মুখৰ পৰিবেশৰ মাজত নাচি বাগি আনন্দ কৰি দেৱীক বিসৰ্জন দিয়া পৰিলক্ষিত হয়।