sangbad lahar logo

চিলাপথাৰৰ বিজয় শংকৰ অনন্য প্ৰয়াস , প্ৰতিফলিত আখৰেৰে লিখি উলিয়ালে মাধৱদেৱৰ নামঘোষা ।

নতুন চিন্তা-চৰ্চাৰে ভাষা সাহিত্য জগতলৈ নতুনত্বৰ কঢ়িয়াই অনাৰ মানসেৰে চিলাপথাৰৰ বিজয় শংকৰে লিখি উলিয়াইছে এখন অনন্য কবিতা পুথি। য’ত ভাষাবোৰৰ প্ৰতিফলিত ৰূপৰ আখৰেৰে কবিতা পুথিখনত লিপিবদ্ধ কৰা হৈছে মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘নামঘোষা’। বিশিষ্ট লেখক ৰবিনচনৰ ‘ দ্য গ্ৰেটনেছ বুক ‘ বিশিষ্ট কবি দেৱকান্ত বৰুৱাৰ ‘ সাগৰ দেখিছা ৰ লগতে আৰু বহু কেইখন গ্ৰন্থৰ প্ৰতিফলিত আখৰৰ ৰূপত অনুবাদ কৰাৰ প্ৰাক্ প্ৰত্তস্তি চলাই থকা বুলি উদীয়মান ভাষা কণ্ঠশিল্পী গৰাকীয়ে জানিবলৈ দিয়ে । তদুপৰি ড০ এ. পি . জে আব্দুল কালাম ৰ WINGS OF FIRS ‘ , বিক এটকিনচনৰ ‘ এন আৰ্মী এড ডন ‘ নামৰ কিতাপখনো অনুবাদ কৰি প্ৰতিফলিত আখৰেৰে লিখি উলিওৱাৰ পৰিকল্পনা হাতত লৈছে । বিজয় শংকৰে ভাৰতবৰ্ষৰ মহাকাব্য মহাভাৰতখনো পৰবৰ্তীকালত এনে কাৰ্য্যকৰী ৰূপ দিবলৈ প্ৰয়াস চলাব বুলি জানিব দিয়ে । ভাষা সাহিত্য জগতখনলৈ এক নতুনত্ব সংযোজন ঘটোৱাৰ লগতে নৱপ্ৰজন্মক বিজ্ঞান চিন্তাশক্তি প্ৰকট কৰাৰ উদ্দেশ্যেৰে এই প্ৰচেষ্টা হাতত লোৱা বুলি মন্তব্য কৰে কলা শিল্পী গৰাকীয়ে । এই প্ৰতিফলিত লিপি সম্পৰ্কে কলাশিল্পী গৰাকীয়ে কয় পানী এবাল্টিৰ ওপৰত থ্ৰীডী নতুবা যিকোনো এখন ছবি থলে পানীত প্ৰতিফলিত হোৱা ছবিখনেই হ’ব এই ভাষাটোৰ মূলমন্ত্ৰ । বহীখনত লিখাৰ বিপৰীতে বহীখন চোৱা যায় তেতিয়া দাপোন অৰ্থাৎ ‘ মিৰৰ লেটাৰ ‘ দেখিবলৈ পোৱা যায় আৰু যদিহে বহীখনত লিখাৰ একে দিশত চোৱা হয় তেতিয়া প্ৰতিফলিত ভাষাত আখৰ দেখিবলৈ পোৱা যায় বুলি বৰ্ণনা আগবঢ়াই । বৰ্তমান সময়ত বিশ্ববিদ্যালয়ৰ তথা অসম চৰকাৰৰ পৰা অকমান সহায় সহযোগিতা আগবঢ়াই দিলে আৰু উন্নত ভাবে প্ৰসায় কৰি যাব পাৰিব বুলি কয় কলাশিল্পী গৰাকীয়ে ।উদীয়মান ভাষা কলা শিল্পী গৰাকীৰ প্ৰচেষ্টা ৰ বাবে শিক্ষা অনুৰাগীৰ লগতে ৰাইজে এতিয়া শলাগ লোৱা পৰিলক্ষিত হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *