
চিলাপথাৰ অঞ্চলৰ এখন চালে চকুৰোৱা চৰকাৰী প্ৰাথমিক বিদ্যালয় । নাম চিলাপথাৰ কেন্দুগুৰি প্ৰাথমিক বিদ্যালয় । বিদ্যালখনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে আতক ধুনীয়াকৈ সজাই তুলিছে বিদ্যালখন। কণ-কণ ছাত্ৰ ছাত্ৰীসকলৰ মন মুগ্ধ কৰি ৰাখিব পৰাকৈ বিভিন্ন সা-সামগ্ৰী আৰু চিত্ৰৰে সজাই তোলা হৈছে শ্ৰেণীকোঠাসমূহ । এক সুন্দৰ মনোমোহা পৰিবেশে বিৰাজ কৰিছে বিদ্যালখনৰ চৌপাশ । সন্মুখত বিভিন্ন ৰং বিৰঙৰ ফুলৰ ফুলনি । বিদ্যালয়খনৰ বাবে আগবঢ়োৱা বাৰ্ষিক উন্নয়নৰ ধনেৰে বিদ্যালয়ৰ চৌহদত স্থাপন কৰিছে অন্নপূৰ্ণা কৃষি উদ্যান নামেৰে এখন শাক-পাঁচলিৰ খেতি । উদ্দেশ্য ছাত্ৰ ছাত্ৰী সকলৰ মধ্যাহ্ন ভোজনৰ বাবে নিৰোগী শাক পাচলি ব্যৱহাৰ কৰা । কাষতে স্থাপন কৰিছে কুঞ্জ কানন নামেৰে এটা সৰু সেউজগৃহ । ভিতৰত বিভিন্ন প্ৰকাৰৰ ফুল, অৰ্কিড । সোমবাৰে বিদ্যালখনত আয়োজন কৰা এক অনুষ্ঠানত কুঞ্জ কানন সেউজ গৃহটি উদ্বোধন কৰে ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাই । অতি ভিতৰুৱা অঞ্চলত স্থাপিত চৰকাৰী প্ৰাথমিক বিদ্যালখনৰ সুন্দৰ পৰিৱেশ দেখি আপ্লুত হৈ পৰে শিক্ষা বিষয়াগৰাকী । অনুষ্ঠানত ধেমাজি শিক্ষাখণ্ডৰ খণ্ড মিশ্যন সমন্নয়ক ধীৰাজ টাইড, মাধ্যাহ্ন বহুজনৰ জিলা গাননিক বিষয়া পম্পা দেৱনাথ, খণ্ড গাননিক তাপস ভট্টাচাৰ্য্য, CRCC ডম্বৰু দিহিঙীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দেবেন ফুকন, পঞ্চায়ত প্ৰতনিধি পদ্ম কোঁৱৰ আদি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।