
পেট্ৰল-ডিজেলৰ ব্যাপক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি চিলাপথাৰতো ৰাজ্যিক NSUIয়ে এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শতাধিক NSUI কৰ্মীয়ে চিলাপথাৰ ৰাজীৱ ভৱনত সমবেত হৈ ঘোঁৰা গাড়ী লৈ নগৰত উলিয়াই এই প্ৰতিবাদী কাৰ্যসূচী। দলীয় কাৰ্য্যালয়ৰ পৰা জোনাই সংযোগী পথলৈকে সমদল উলিয়াই , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লেই-লেই-চেই-চেই, যোগান মন্ত্ৰী ৰঞ্জিত দাস হায় হায় ,পেট্ৰল , ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, NSUI জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলী । মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ মোদী-হিমন্ত বিশ্ব চৰকাৰক পদত্যাগৰ দাবী জনাই ক্ষুৰধাৰ সমালোচনা কৰে NSUI কৰ্মীসকলে। আনহাতে পথ অৱৰোধ কৰি অচল কৰি তোলে চিলাপথাৰ নগৰ পথ। পিছত প্ৰতিবাদ স্থলীত কাৰ্য্যবাহী দণ্ডাদীশ উপস্থিত হৈ আলোচনাত মিলিত হয় আৰু প্ৰতিবাদ স্থগিত ৰাখে।