
নিউজ ডেস্কঃ চিলাপথাৰ নগৰত কালি সংঘটিত এক ভয়ংকৰ পথ দূৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন এজন আহত হয়। চিলাপথাৰৰ সাংবাদিক তথা দেউৰীঘাট হাইস্কুলৰ শিক্ষক চৰন জীমেই কালি দুপৰীয়া AS22B/4158 নম্বৰৰ বাইকেৰে চিলাপথাৰ নগৰলৈ আহি আছিল। উক্ত সময়তে বাই চাইকেলেৰে বজাৰৰ পৰা গৈ থকা সহদেৱ দাসক (৬৫) পিছফালৰ পৰা খুন্দিওৱাৰ ফলত ভয়ংকৰ দূৰ্ঘটন সংঘটিতহয়। ঘটনাত আহত দুয়োজনকে চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সহদেৱ দাসৰ অৱস্থা উন্নত নোহোৱাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। সন্ধিয়া ডিব্ৰুগড়তে মৃত্যুত হয় লোক জনৰ। ইপিনে পাঁচ গৰাকী কৈ কন্যা সন্তানৰ পিতৃ লোকজনৰ মৃত্যুত পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। একালত নামজ্বলা ফটো ষ্টুডিঅ ‘দাস ষ্টুডিঅ’ৰ গৰাকী আছিল প্ৰয়াত লোকজন। পিছে ব্যৱসায় মন্দাৱস্থাৰ বাবে বৰ্তমান দৰিদ্ৰ জীৱন যাপন কৰা দাসৰ অবৰ্তমানত পৰিয়ালটোলৈ ঘোৰ অন্ধকাৰ নমাই আনিব বুলি প্ৰতিবেশীয়ে সদৰি কৰিছে। একমাত্ৰ সম্বল পিতৃৰ অকাল মৃত্যুত কিংকৰ্তব্যবিমূঢ় হৈ পৰা পৰিয়ালটোৰ ঘটনাৰ সংক্ৰান্তত স্থানীয় থানাত এখন এজাহাৰ দিবলৈও আপোন মানুহৰ অভাৱ। ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।