sangbad lahar logo

চিলাপথাৰত ভূ-মাফিয়াৰ আতংক ।

চিলাপথাৰত অব্যাহত আছে ভূ মাফিয়াৰ দপদপনি। ৰাজনৈতিক আশীষধন্য দালালৰ আতংকত নিজা পৈতৃক ভেটি এৰি ভাড়াঘৰত আশ্ৰয় ল’ব লগা হৈছে চিলাপথাৰৰ এটা দৰিদ্ৰ পৰিয়ালে। ঘটনাটো চিলাপথাৰ মালিনীপুৰ পঞ্চায়তৰ মাদুৰিপথাৰৰ। 1963 চনতে নৰ বাহাদুৰ দামাই নামৰ লোকজনে হাবি জংঘল চাফা কৰি মোকলাই লৈছিল 4 বিঘা,2 কঠা 10 লোচা ভূমি।

এই স্থানতে দামাই নিৰ্মাণ কৰিলে এটা কালী মন্দিৰ আৰু একেটা চৌহদতে সপৰিয়ালে থাকিবলৈ ললে। উক্ত মন্দিৰটোত নিতৌ পূজা অৰ্চনা কৰিবলৈ আহিল স্থানীয় ৰাইজ। পিছে ১৯৯০ চনত নৰবাহাদুৰৰ মৃত্যুৰ পিছতে ভূমি ডোখৰৰ ওপৰত পৰিল দালাল চক্ৰৰ লোলুপ দৃষ্টি। এই সময়তে মাত্ৰ দুবিঘা মাটি ৰাখি বাকী সকলো কালি মন্দিৰ অৰ্থাত ৰাইজৰ বাবে এৰি দিলে দামাইৰ পৰিয়ালে। তথাপিও অভিভাৱ কহীন পৰিয়ালটোক বিভিন্ন ভাবুকি দিবলৈ আৰম্ভ কৰে ভূ দালালৰ দলে। সমগ্ৰ মাটিখিনি ৰাজহুৱা কালী মন্দিৰৰ বুলি দাবী কৰি গোচৰৰ পিছত গোচৰ জাপী দি ওলোটাই দামাই পৰিয়ালটোকে বেদখলকাৰী সজালে দালালৰ দলে।

২০১৪ চনতো দালালে তৰা গোচৰত চিচিবৰগাওঁৰ তদানীন্তন COয়ে দামাই পৰিয়ালে উচিত ৰাজহ ভৰি ভোগ দখল কৰি থকা বুলি লিখিত ৰুপত দি থৈ গৈছে। ভয় ভাবুকিতে ক্ষান্ত নাথাকি পৰিয়ালটোক উঠাই পঠালে ৰাইজৰ নামলৈ দালালৰ দলে। নিজা মাটিতেই চৰম আতংকত দিন কটোৱা পৰিয়ালটো বৰ্তমান কাষতে এটা ভাড়া ঘৰলৈ দিন মজুৰি কৰি চৰম দাৰিদ্ৰক্লিষ্ট জীৱন কটাইছে।

নিজা পৈতৃক সম্পত্তি উভতাই পাবলৈ চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি হতাশ হৈ পৰিছে। গৰাকীকে বেদখলকাৰী সজাই জাপি দিছে ইখনৰ পিছত সিখনকৈ গোচৰ। অলপতে মাটি দালালৰ বিৰুদ্ধে চৰকাৰে এটা দিনতে 445 টা দালালক গ্ৰেপ্তাৰ কৰি কঠোৰ ব্যৱস্থা গ্ৰহন কৰিছে। দৰিদ্ৰ পৰিয়ালটোক মাধমাৰ সোধাই মাটি বেদখল কৰিবলৈ যোৱা দলটোক কঠোৰ শাস্তি দিয়াৰ লগতে ন্যায় প্ৰদান কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে প্ৰাৰ্থনা জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *