
আজি গোপন সূত্ৰৰ পম খেদি ধেমাজি আৰক্ষীয়ে অভিযান চলাই চিলাপথাৰত দুজন ড্ৰাগছ ব্যৱসায়ী সহ কিছু পৰিমানে ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । ধেমাজি আৰক্ষীৰ উপ পৰিদৰ্শক নেকিবুদ্দিন আহমেদৰ নেতৃত্বত অহা আৰক্ষীৰ দলে চিলাপথাৰ থানাৰ উপ পৰিদৰ্শক দ্বীপজ্যোতি কাকতিৰ সহযোগত অভিযান চলাই চিলাপথাৰ জোনাই ৰোড সংযোগী পথত কৰায়ত্ব কৰে ধেমাজি গোহাঁই গাঁৱৰ আকাশ বৰগোঁহাই আৰু চিলাপথাৰ কৰ্পূমপুলি গাঁৱৰ মানস পাইত নামৰ দুই ড্ৰাগছ ব্যৱসায়িক । ধৃত ব্যৱসায়ী দুজনৰ পৰা ১৯ গ্ৰাম হিৰ’ইন, নগদ ৯২৮০ টকা ধন, দুটা মোবাইল হেণ্ডচেট, এটা চিৰিঞ্জ আৰু এখন বাইচাইকেল জব্দ কৰে ।