
কালীপূজাৰ সুযোগ লৈ তৎপৰ হৈ উঠিছে জুৱাৰী চক্ৰ । নীতি-নিয়মৰ মাজেৰে ৰাইজে পূজা অৰ্চনা অব্যাহত ৰাখিছে কালী পূজাৰ। এইদৃশ্য চিলাপথাৰৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাসুঁতি পঞ্চয়তৰ কৰৈবাৰীৰ। মিচিং,বড়ো, বেংগলী, হাজং বিভিন্ন সম্প্ৰদায়ৰ লোকে ১৯৭২ চনৰ পৰাই এই স্থানত তিনিদিনীয়াকৈ সাৰ্বজনীন শিৱ-কালী মন্দিৰত অনুষ্ঠিত কৰি আহিছে কালী পূজা। কিন্তু পূজাস্থলীৰ সমীপতে একাংশ সমাজৰ অসাধু দুষ্টচক্ৰই অবৈধ বাবে মেলিছে ঝাণ্ডী মুণ্ডা। আৰক্ষীৰ চকুত ধুলি দি একাংশ জুৱাৰীয়ে চলাই গৈছে অবৈধ জুৱা খেল । আনফালে পূজাৰ সুযোগতে একাংশই আৰম্ভ কৰিছে ৰমৰমীয়াকৈ মদৰ মুকলি বেহা। সাংবাদিকৰ গোপন কেমেৰাত বন্দী সকলোবোৰ দৃশ্য । জুৱাৰ আড্ডাৰ পৰা নিৰ্গত সুৰাসক্ত জুৱাৰীৰ চিঞৰ বাখৰে বিনষ্ট কৰিলে কালী পূজাৰ পৰিৱেশ।কভিড১৯ ৰ ভয়াৱহতাৰ মাজত লক ডাউনৰ শিথিলতাৰ সুযোগ লৈ আৰক্ষীক অন্ধকাৰত থৈ নে মেনেজ কৰি কালীপূজাৰ নামত একাংশই চলাইছে জুৱাৰ আড্ডা , এতিয়া এইসকল জুৱাৰী চক্ৰৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যনীয় বিষয়।