
ধেমাজিৰ চিলাপথাৰত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ আক্ৰান্ত হৈছে এক জটিল ৰোগত । ছাত্ৰ জনৰ নাম মানস ৰাজখোৱা । চিলাপথাৰৰ সৰুপাম জাজীগাঁওৰ প্ৰদীপ ৰাজখোৱাৰ পুত্ৰ মানস ৰাজখোৱা। বিগত আঠ মাহ ধৰি জটিল ৰোগত আক্ৰান্ত ছাত্ৰ গৰাকী । অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ গৰাকীয়ে এতিয়া উচ্চ চিকিৎসাৰ বাবে ভুগিছে আৰ্থিক অনাটনত । প্ৰথম অৱস্থাত ডিঙিত এটা সামান্য ফোহা হৈছিল যদিও পিছলৈ ই ক্ৰমাৎ সংক্ৰমিত হৈ জটিল অৱস্থা পাইছেগৈ মানসৰ শৰীৰত। দুবেলা দুসাঁজ আনৰ ঘৰত কাম বন কৰি পেটৰ ভাত এমুঠি যোগাৰ কৰা, মাতৃ ভানু ৰাজখোৱাই কেইবাবাৰো ডিব্ৰুগড় চিকিৎসালয়ত চিকিৎসা কৰাইও কোনো সুফল নোপোৱাত শোঁকত ভাঙি পৰিছে । এতিয়া উচ্চ চিকিৎসাৰ বাবে প্ৰয়োজন বহু টকাৰ । উপায়ুন্তৰ হৈ এতিয়া স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰু দল-সংগঠন নাইবা কোনো হৃদয়ৱান লোকৰ অকনমান বিচাৰিছে মাতৃ গৰাকীয়ে । সহায়ে হয়তো পূৰ কৰিব মানসৰ সপোনবোৰ । কোনো হৃদয়ৱান লোকে মানসক সহায় কৰিব বিচাৰিলে ষ্টেট বেংকৰ IFSC= SBIN 0008506 একাউণ্ট নং 33523913911 নাইবা +918822968500 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ।
2 Comments