
চিচিবৰগাঁও আঞ্চলিক পৰিষদৰ সভাপতি দেৱকান্ত পেগু। জোনাইৰ বিধায়ক ভূবন পেগুৰ বৰঘৰৰ মানুহ বুলি জাহিৰ কৰি গুৰু গোঁসাই নামানে এইজনাই। ক্ষমতাই হেনো মুৰত ধৰিছে এইজনৰ। বাহুবল আৰু ধনবলেৰে বলীয়ান হৈ এইজন আঞ্চলিক পঞ্চায়তৰ সভাপতিয়ে সোমবাৰে চিলাপথাৰৰ আমগুৰি পঞ্চায়তত সংঘটিত কাজিয়াৰ ঘটনাক লৈ DA News Plus ত সম্প্ৰচাৰিত বাতৰিত ক্ষুন্ন হৈ সাংবাদিকক অকথ্য গালি গালাজ কৰি ভাবুকি প্ৰদান কৰে। বাতৰি টোত ক্ষুন্ন হোৱাৰ কাৰণ-উক্ত বাতৰিত ‘চিলাপথাৰ’ শব্দটো সাংবাদিকে কিয় ব্যৱহাৰ কৰিব। বাতৰি যুগুতোৱা সাংবাদিক জন হ’ল ‘ডি এ নিউজ প্লাচৰ’ চিলাপথাৰৰ সাংবাদিক শম্ভু দাস। স্থানীয় আৰক্ষীক পকেটত লৈ ফুৰা বুলি চৰম দম্ভালি মৰা পেগুৱে সাংবাদিকক কেবল ভাবুকি দিয়ে ক্ষান্ত নাথাকি গোচৰ তৰাৰ হুমকি দি থানাত উপস্থিত থাকিবলৈ কয়। অথচ উক্ত বাতৰিটোত নাছিল চিলাপথাৰ অঞ্চলটোৰ সন্মান লাঘৱ কৰিব পৰা কোনো আপত্তিকৰ স্থল। আঞ্চলিক পঞ্চায়তৰ সভাপতি হৈ মাত্ৰ তিনিটা বছৰতে সোঁৱে-বাওঁৱে ধন ঘটি ধনাঢ্য হোৱা এইজন লোকৰ বিৰুদ্ধে আচনি ৰুপায়নত সংঘটিত কৰা অলেখ দূৰ্ণীতিৰ অভিযোগ।

সমগ্ৰ ঘটনাটোকলৈ সাংবাদিকক শম্ভূ দাসে সভাপতি পেগুৰ বিৰুদ্ধে আজি চিলাপথাৰৰ থানাত এখন লিখিত গোচৰ দাখিল কৰে । ইফালে সাংবাদিকক ফোনযোগে অভব্য আচৰণ কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AJYCP, KMSS, AABSM, AJYP ৰ লগতে বিভিন্ন দল সংগঠন তথা সচেতন মহলে।