sangbad lahar logo

চিজুচাৰ পাকে ইকো কেম্প সাঁজু হৈছে পৰ্যটকক আঁদৰিবলৈ।

অসম-অৰুণাচল সীমাৱৰ্তী প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰপুৰ চিজুচা অঞ্চল দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ মূল কেন্দ্ৰ বিন্দু। ধৰাৰ বুকুলৈ শীত নামি অহাৰ লগে লগে দূৰ-দূৰণিৰ পৰা বহু পৰ্যটক চিজুচাৰ নান্দনিক পৰিৱেশ উপভোগ কৰিবলৈ তথা বন্ধু-বান্ধৱী আৰু আত্মীয়ৰ সৈতে এসাজ খাবলৈ চিজুচালৈ আহে। বনভোজ তথা শীতৰ আগমনৰ প্ৰাকক্ষণত অভ্যাগত তথা পৰ্যটকক আঁদৰিবলৈ পাকে ইকো কেম্প এক প্ৰকাৰে সাজু হৈ উঠাৰ বাতৰি পোৱা গৈছে। অৰুণাচল প্ৰদেশৰ পাকে কেচাং জিলাস্থিত পাকে ইকো কেম্প ২০১১ চনত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ তদানীন্তন স্বাস্থ্যমন্ত্ৰী আটুম ওৱেলীয়ে উদ্ধোধন কৰিছিল। অৰুণাচলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ পাকে ইকো কেম্পলৈ আগমন ঘটে দেশী-বিদেশী পৰ্যটকৰ। এই কেম্পটোক এগৰাকী পৰ্যটকে পাবলগা প্ৰায় সকলোখিনি অত্যাধুনিক সা-সুবিধা আছে। এই প্ৰতিবেদকৰ সৈতে বাৰ্তালাপত পাকে ইকো কেম্পৰ দায়িত্ব থকা টাকুম নাবুমে জানিবলৈ দিয়া মতে পাকে ইকো কেম্পক সামান্য মেৰামতি কৰি ন-কৈ সজাই তোলা হৈছে। পৰ্যটকসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বিশেষ ব্যৱস্থা কৰাৰ ওপৰি যাতায়ত আৰু যোগাযোগৰো সম্পূৰ্ণ সু-ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে ২০১১ বৰ্ষত পশ্চিম বঙ্গ চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত জনজাতীয় আৰ্হিৰে সজোৱা এই আকৰ্ষণীয় কেম্পে বহু পৰ্যটকক আকৰ্ষণ কৰাৰ ওপৰি অনেকক অৰুণাচল প্ৰদেশ ভ্ৰমণৰ সুবিধা প্ৰদানো কৰি আহিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *