
নিউজ ডেস্কঃ চিচিবৰগাঁৱৰ গেলুৱা অঞ্চলৰ যুৱক যুৱতীসকলৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্য আগত ৰাখি প্ৰতিষ্ঠা কৰা গেলুৱা যুৱক সংঘৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে গেলুৱাস্থিত শ্ৰী শ্ৰী তাম্ৰেশ্বৰী আই থানৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় ।

প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা সভাত সভাপতিত্ব কৰে স্থানীয় সমাজকৰ্মী কালুৰাম পাইতে । বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গেলুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক যুৱ কুমাৰ দলে, ব্ৰহ্মপুত্ৰ বৰ্ডৰ কণিষ্ঠ অভিযন্তা নোমল চন্দ্ৰ কুলি, গাওঁবুঢ়া প্ৰফুল্ল টায়ে, টি এম পি কেৰ চিলাপথাৰ জিলা সমিতিৰ কাৰ্যবাহী সদস্য ৰাজু কুলি, কুলাজান আঞ্চলিক পঞ্চায়ত সদস্যা হেলেন কুলি, সমাজকৰ্মী মালেশ্বৰ পেগুকে ধৰি কুলাজান আঞ্চলিক TMPK ৰ বিষয়ববীয়াসকল উপস্থিত থাকে । এই সভাতেই অঞ্চলটোৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৩৯ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।