
চিচিবৰগাঁও সাতোলাচুক সেলাজৰী গাঁৱৰ নিবাসী বন্তি দুৱৰা বুঢ়াগোঁহায়ে নিজস্ব প্ৰচেষ্টাৰে ২০১৩ বৰ্ষতে তিনিমুঠীয়া শিৱ মন্দিৰ নামেৰে নামাকৰণ কৰি চিচিবৰগাঁও সাতোলাচুকস্থিত সেলাজৰীত স্থাপন কৰিছিল এটা শিৱ মন্দিৰ । শিৱ মন্দিৰত পুৱা-গধূলি প্ৰাৰ্থনা আৰাধনা কৰি বন্তি দুৱৰা বুঢ়াগোঁহাই নামৰ মহিলা গৰাকীয়ে মন্দিৰৰ পূজা-অৰ্চনা সমাপ্ত কৰাৰ পিছতে তেখেতে নিজৰ চিন্তা-চেতনা প্ৰকট কৰি লিখি উলিয়াইছে বহুকেইখন কবিতা পুথি , কালজৰী বিহুগীতৰ লগতে বহুকেইখন কিতাপ ।একেদৰে মহিলাগৰাকীৰ প্ৰকাশিত বিহু আৰু বিহুগীত, কবিতাৰ কলি নামেৰে দুখন কাব্যপুথি তেখেতে প্ৰকাশ কৰি উলিয়াই । তাৰ বিপৰীতে লেখক-কবি মহিলাগৰাকীয়ে অৰ্থ সংকটৰ বাবে সুপ্ত জ্ঞানৰ বিকাশ, মোৰ জীৱনৰ আইনৰ এখন্ধ আৰু অৱতাৰ, ঔষধি সঞ্জীৱনী, মহান প্ৰাৰ্থনা, মহানবাণী নামেৰে নামাকৰণ কৰি থোৱা বহুকেইখন গ্ৰন্থ বৰ্তমান অ-প্ৰকাশিত ৰূপত দেখিবলৈ পোৱা যায়। উল্লেখ্য যে, মহিলাগৰাকীয়ে জানিব দিয়া অনুসৰি শিৱৰ জাগ্ৰত চেতনা শক্তি প্ৰকট দ্বাৰা তেখেতে ঘৰুৱা চিকিৎসাৰে বহুলোকক ৰোগৰ পৰা পৰিত্ৰাণ পোৱা বুলি মতো প্ৰকাশ কৰে । একেদৰে লেখক কবিগৰাকীয়ে অসম কবি সন্মিলন,অসম কবি সমাজ দৰে বহুকেইটা সন্মিলনীৰ পৰা বঁটা বুটলিবলৈ সক্ষম হৈ আহিছে । লগতে সূদুৰ ভৱিষ্যতে পৰ্যাপ্ত পৰিমাণৰ কিতাপ লিখি উলিওৱাৰ প্ৰচেষ্টা চলাই আছে ।