sangbad lahar logo

চাকৰি প্ৰাৰ্থীৰ বাবে সু – খবৰ, চৰকাৰী প্ৰাৰ্থী নিয়োগৰ ক্ষেত্ৰত পৰিৱৰ্তন,

ডিজিটেল ডেস্ক/সংবাদ লহৰ , ১৯ আগষ্টঃ– চাকৰি প্ৰাৰ্থীৰ বাবে পৃথকে পৃথকে নহয় পৰীক্ষা, এতিয়াৰ পৰা এটা সৰ্বভাৰতীয় পৰীক্ষাৰ জৰিয়তেই হ’ব বিভিন্ন বিভাগৰ খালী পদ পূৰণ।
ৰাষ্ট্ৰীয় শিক্ষা নীতি সংশোধন কৰাৰ পিছত এইবাৰ চৰকাৰী চাকৰিত নিয়োগৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত। সলনি কৰা হৈছে নিয়োগৰ সমগ্ৰ প্ৰক্ৰিয়া।
মঙলবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত প্ৰস্তাৱিত ৰাষ্ট্ৰীয় নিয়োগ এজেঞ্চী গঠনত অনুমোদন জনোৱা হয়। পিছত সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে জনাই যে, কেবিনেটে এইবাৰ দেশৰ চাকৰি প্ৰাৰ্থীৰ নিয়োগৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নিয়োগ এজেঞ্চী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে আগতকৈ
সহজে চাকৰিত ভৰ্তি হ’ব পাৰিব প্ৰাৰ্থীসকল।
ৰাষ্ট্ৰীয় নিয়োগ এজেঞ্চীৰ জৰিয়তে এটা Common Eligibility Test (CET) অনুষ্ঠিত হ’ব। আৰু ইয়াৰ দ্বাৰাই কেন্দ্ৰীয় চৰকাৰে বিভিন্ন বিভাগত খালী হোৱা পদ সমূহৰ লগতে পাব্লিক চেক্টৰ বেংকত চাকৰি প্ৰাৰ্থী নিয়োগ কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *