
ভলীবল খেলত সৰ্বভাৰতীয় পৰ্য্যায়ত গৌৰৱ কঢ়িয়ালে নগাঁৱৰ জুৰীয়াৰ আজমল কবিৰে । আৰ্থিক অনাটন হলেও একাগ্ৰতা থাকিলে কোনো প্ৰতিভাতই যে হেঙাৰ হ’ব নোৱাৰে এই কথাক পুনৰবাৰ প্ৰমাণ হ’ল জুৰিয়াৰ আলীটাঙনিত। আলীটাঙনিৰ ক্ষুদ্ৰ ব্যৱসায়ি তথা উদীয়মান খেলুৱৈ আজমল কবিৰে স্থান লাভ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় ভলীবল দলত। ৩০ অক্টোবৰত এছিয়ান গেইম্ছত ভাৰতীয় দলৰ হৈ আলীটাঙনিৰ অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰয়াত মৌলানা আবুল শ্বাহীদৰ কনিষ্ঠ পুত্ৰ আজমল কবিৰৰ এই সফলতাৰ বাবে গৌৰাম্বিত বৃহত্তৰ জুৰীয়াৰ আলীটাঙনি অঞ্চল। অসমৰ এক ভিতৰুৱা সংখ্যলঘু বসতি প্ৰধান আলীটাঙনিত আজমলৰ এনে সাফল্যক লৈ উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী।
85 Comments