
মানসিকভাৱে বিকাৰগ্ৰস্ত এই গৰাকী মহিলা । মহিলা গৰাকীৰ নাম জোনালী শইকীয়া । ঘিলামৰা নগৰৰ সমীপৰ বাটমাৰী অঞ্চলৰ ৰাজআলিৰ কাষৰ সৰু জুপুৰি এটাত দীৰ্ঘ দিন ধৰি অতি দূৰ্বিসহভাৱে বাস কৰি আহিছিল জোনালী । সম্প্ৰতি মহিলা গৰাকীৰ জুপুৰিটো ভাঙি পৰাৰ ফলত পথৰ দাঁতিতে কটাব লগা হৈছে দিন অথবা ৰাতি । স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি যথেষ্ট মেধা সম্পন্ন এই মহিলা গৰাকীয়ে মাক-দেউতাকৰ মৃত্যুৰ পিছৰ পৰাই এনেদৰে পথৰ দাঁতিত কটাই আহিছে যাযাবৰী জীৱন । মহিলা গৰাকীৰ মতে এদিন স্বয়ং শিৱ বাবাই হেনো তেওঁক দৰ্শন দিয়ে আৰু তেওঁৰ পূজা অৰ্চনা কৰি মন্দিৰ পাতি বাবাৰ আৰাধনা কৰিবলৈ অনুৰোধ জনায় আৰু তেওঁৰ আৰাধনা নকৰিলে অমঙ্গল হ’ব বুলি ভয় দেখুৱায় । পিছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই চুড়ান্ত শিখৰ চুব খোজা সময়ত এনে ধৰণৰ অলৌকিক চিন্তাৰ অৱতাৰণা কৰা এই প্ৰতিবেদনৰ উদ্দেশ্য নহয় । উদ্দেশ্য, সাধাৰণ মানৱীয় প্ৰমূল্যবোধক দায়বদ্ধতাৰে উপস্থাপন কৰাহে । মহিলা গৰাকীৰ বাবে এতিয়া এখন চালি আৰু চাৰিখন বেৰৰ এটা কোঠাৰ অতিকে প্ৰয়োজন। য’ত তেওঁ ক্ষন্তেক জিৰাব পাৰে, য’ত নিশাটো নিৰাপদে কটাব পাৰে । প্ৰশ্ন হয়, এইগৰাকী দূৰ্ভগীয়া আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ প্ৰতি সামান্যতমো সুদৃষ্টি দিবলৈ স্থানীয় ৰাইজ, জন প্ৰতিনিধি অথবা দৰিদ্ৰৰ হৈ মাত মতা চৰকাৰখনৰ সময় হ’বনে এতিয়া?