
চতিয়াৰ উদয়পুৰ গাঁৱৰ এইজন যুৱক ৰূপমঞ্জিল শইকীয়া , পেচাত বন বিভাগৰ অস্থায়ী কৰ্মচাৰী বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত। এইজন যুৱকে ঘৰৰ পেলনীয়া সামগ্ৰীৰে সাঁজি উলিয়াইছে বিদ্যুৎ চালিত ঘা কটা মেচিন। যিটো মেচিনে কম সময়তে অধিক ঘা কাটিবলে সক্ষম হয়। ৰূপমঞ্জিল শইকীয়া আজি কিছু দিনৰ আগতে ক’ভিডত আক্ৰান্ত হৈ ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ থকাৰ পিছত চতিয়াৰ নিজৰ গৃহত আছুতীয়াকৈ থকাৰ সময়তে এই মেচিনটো উদ্ভাৱন কৰে। মঞ্জিলে আশা কৰে চৰকাৰে এই ঘা কটা মেচিনটোক মান্যতা দিলে গো পালক সকল উপকৃত হোৱাকৈ নতুন ৰূপত এই মেচিন তৈয়াৰ কৰি বজাৰত সহজলভ্য কৰিব পৰা যাব। এই মেচিনৰে গো পালকৰে নহয় ক্ষুদ্ৰ চাহ কৃষক সকলেও খেতি পথাৰৰ পৰা ঘা বন চিকুনাব পাৰিব।