sangbad lahar logo

চতিয়াৰ পঞ্চায়তত পঞ্চায়ত প্ৰতিনিধিৰ দুৰ্নীতি ৷

চতিয়াৰ ২ নং চতিয়া গাওঁ পঞ্চায়তত গুৰু গোঁসাই নামানি একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে গো গ্ৰাসে হজম কৰিছে গ্ৰাম্য উন্নয়নৰ বাবে ধাৰ্য্য কৰা ধন । চতিয়া ২ নং গাওঁ পঞ্চায়তে ২০২০-২১ বৰ্ষতে চেনিমাৰী আৰু দোলাপানী সংযোগী পথটো নিৰ্মাণৰ বাবে আৱন্তন দিছিল প্ৰায় ৫ লাখ টকাৰ ৷ ইয়াৰে ৩.৪৮ লাখ শ্ৰমিকৰ বাবে আৰু ১.৩৮ লাখ সামগ্ৰীৰ নামত ধাৰ্য্য কৰা হৈছিল । এই কামটোৰ দায়িত্বত আছিল বিশ্বনাথৰ  বিধায়ক প্ৰমোদ বৰঠাকুৰৰ অতি ঘনিষ্ঠ তথা পঞ্চায়তখনৰে আঞ্চলিক সদস্য ৰঞ্জন অধিকাৰী । পথটো নিৰ্মাণৰ নামত মাত্ৰ কেইগাড়ীমান মাটি পেলায়েই সমুদায় ধন হজম কৰিলে আঞ্চলিক সদস্য ৰঞ্জন অধিকাৰীয়ে । এতিয়া, পথটোৰ মাজভাগতে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত । এক কথাত, এতিয়া পথটোৱেদি সাঁতুৰিয়ে পাৰ হব লগা হয় এই পথটোৱে অহা-যোৱা কৰা পথচাৰী ৷ এই দুৰ্নীতিৰ উচিত তদন্ত কৰি ব্যৱস্থা লোৱাৰ আহ্বান স্থানীয় জনসাধাৰণৰ ৷

Related Articles