
নিউজ ডেস্ক : ঘৰৰ চালৰ ওপৰতে আশ্ৰয় বানাক্ৰান্ত,নাই কোনো বান শিবিৰ।ভগৱানেই শেষ ভৰষা এওঁলোকৰ।ৰাইজৰ দুৰ্দশাৰ খবৰ লবলৈ আহৰি নাই কোনো এজন নেতা মন্ত্ৰীৰ।
মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈ সমূহৰ বাঢ়নী পানী অলপ শাম কাটিছে যদিও আজিও জিলাখনৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত শতাধিক ৰাজহ গাঁও বানৰ কবলত ককবকাই আছে ৷
মৰিগাঁও জিলাৰ মায়ঙ ৰাজহ চক্ৰৰ অন্তৰ্গত খলনী,গৰুমাৰা,নাকাৰাহাবী,খোলাভূঞাঁ,ভূৰগাওঁ,পাতেকিবৰী,শিধাকোৰী,আদি অঞ্চলত ঘৰ দুৱাৰ বহুতৰে বুৰ গৈছে।
এইয়া মায়ঙৰ খলনী বিল গাওঁৰ দৃশ্য।মায়ঙৰ খলনী বিল আশ্ৰয় শিবিৰত গৰু, ছাগলীৰ সৈতে আশ্ৰয় লৈ আছে মুকলি আকাশৰ তলত প্ৰায় এক শতাধিক পৰিয়ালে।এই পৰ্যন্ত কোনো নেতা মন্ত্ৰীয়েও খবৰ এটাও লোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে বানাক্ৰান্ত ৰাইজে।চালৰ ওপৰত আশ্ৰয় লৈ থকা খলনীৰ এক শতাধিক পৰিয়ালৰ দুদৰ্শা দেখিলে আপোনাৰো দুখ লাগিব।
এক অবৰ্ণনীয়,অপৰিকল্পিত,অবাস্তৱ,পৰিবেশত আছে এই সকল লোক।থকা,খোৱা বোৱা,এটোপাল বিশুদ্ধ পানীৰ হাহাকাৰ।ব্ৰহ্মপুত্ৰৰ ঘোলা পানী খাই বিগত কেবা দিন ধৰি কটাইছে জীৱন।
মুঠতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা এক পৰিবেশ।জনতাৰ ইমান দুখ কষ্ঠৰ পিছতো খবৰ এটা লবলৈ সময় নাই কোনো এজন নেতা মন্ত্ৰীৰ।ঘৰৰ মুধছেৰে পানী বাগৰি থাকিলেও কোনো সাহাৰ্য নাপায় এই অঞ্চলৰ ৰাইজে।কাৰন চৰকাৰ তথা প্ৰশাসনৰ চকুত নপৰে এই সকল বানাক্ৰান্ত।