
পুৱা ১০ বজাৰ লগে লগে SEBAই ঘোষণা কৰিলে ফলাফল।
১০টাকৈ ৱেবছাইটত ঘোষণা কৰা হৈছে মেট্ৰিকৰ ফলাফল।
প্ৰথম স্থানত জিলিকিল শোণিতপুৰৰ হৃদম ঠাকুৰীয়া। শংকৰদেৱ শিশু নিকেতন, ঢেকীয়াজুলিৰ ছাত্ৰ হৃদম। হৃদমে লাভ কৰিছে মুঠ ৫৯৬– নম্বৰ।
দ্বিতীয় স্থান দখল কৰিছে চাৰিগৰাকী শিক্ষাৰ্থীয়ে। দ্বিতীয় স্থানত নগাঁও চৰকাৰী গভৰ্ণমেণ্ট বয়জ এইচ এছ স্কুলৰ ইছৰত ফাৰিহা, নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ লাকী দেৱী চৌধুৰী আৰু মনমিতা শৰ্মা আৰু ছেইণ্ট যোছেফ স্কুল সোণাৰিৰ আদিত্য অনুপম কোঁৱৰ। আটাইকেইগৰাকীয়ে লাভ কৰিছে ৫৯৩ নম্বৰকৈ।
উল্লেখযোগ্য যে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪ লাখ ২২ হাজাৰ ১৭৪ গৰাকী পৰীক্ষাৰ্থী। ৯১২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা।
তলত দিয়া website সমূহত চাওক ৰিজাল্ট।
- https://sebaonline.org
- resultsassam.nic.in
- www.indiaresults.com
- www.indiaresults.com
- www.results.shiksha
- www.assam.shiksha
- www.schools9.com
- assamresult.in
- exametc.com
- www.jagranjosh.com