
ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা,,ডিজিটেল ডেস্ক, দুগৰাকী আমেৰিকান চিকিৎসাবিজ্ঞানী ক্ৰমে হাৰ্ভে জে অল্টাৰ, চাৰ্লচ এম ৰাইচ আৰু বৃটিছ চিকিৎসা বিজ্ঞানী মাইকেল হাফটনক চিকিৎসা বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে 2020 চনৰ সন্মানীয় নবেল বঁটা ঘোষণা কৰা হৈছে ৷৷ এই তিনিওগৰাকী বিজ্ঞানীয়ে হেপাটাইটিচ চি ভাইৰাচ আবিস্কাৰ কৰিছে ৷৷
নবেল বঁটা ঘোষণা সমিতিয়ে যোৱা সোমাবাৰে ষ্টকহমত জনাই যে এই আৱিস্কাৰে মানব শৰীৰৰ তেজত উৎপত্তি হোৱা হেপাটাইটিচ ৰোগৰ অধ্যয়ণত সহায় কৰিব যিটো হেপাটাইটিচ এ আৰু হেপাটাইটিচ বি ৰ অধ্যয়ণে সম্ভৱ কৰিব পৰা নাছিল ৷৷
107 Comments