ঘিলামৰা ম’হমৰা দীঘলী গাঁওৰ নন্দেশ্বৰ (সোনটো) বৰগোহাঁই নামৰ ব্যক্তি জনৰ ঘৰৰ ভৰালত ৰাতি বিধ্বংসী জুই । জুইত জাহ গ’ল প্ৰায় এক হাজাৰ ডাঙৰি ধান । ব্যক্তি জনৰ গৃহিণীয়ে ভঁৰালত লখিমী চাকি দিছিল আৰু পিছত সেই চাকিৰ শিখাই ভঁৰালত লাগি সম্পূৰ্ণ ৰূপে ভস্মীভূত কৰে ধান সহ ভঁৰালটো ।
কিন্তু, ঘিলামৰাৰ নিচিনা বৃহত্তৰ অঞ্চলটোত জুই নুমাবলৈ নাই এখনো বাহন। অগ্নিনির্বাপক বাহন নথকাৰ বাবেই জুই নুমুওৱাত যথেষ্ট আহোকালে দেখা দিয়ে যদিও পিছত ঘিলামৰা আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হয়