
ঘিলামৰাৰ পৰা প্ৰথম বাৰলৈ প্ৰকাশ পোৱা তিনিমহীয়া আলোচনী “মহিমা” ৰ বৃহস্পতিবাৰে এক জাকজমকীয়া পৰিবেশত শুভ উন্মোচন কৰা হয় । ঘিলামৰাৰ দৰে অৰ্থনৈতিক ভাৱে অতি পিছ পৰা এটা অঞ্চলৰ পৰা অতি দুঃসাহস কৰি আলোচনী প্ৰকাশৰ দৰে কঠিন কাম এটা হাতত লোৱাৰ বাবে অঞ্চলটোৰ বৌদ্ধিক সমাজে মহিমা প্ৰকাশৰ সৈতে জড়িত সকলো ব্যক্তিক প্ৰশংসা কৰিছে । ঘিলামৰাৰ এগৰাকী আগশাৰীৰ লেখিকা, প্ৰকৃতি প্ৰেমী তথা বিজ্ঞান শিক্ষয়িত্ৰী প্ৰয়াত ভানুৰানী শইকীয়াৰ স্মৃতিত উৎসৰ্গিত মহিমাৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যাটি উন্মোচন কৰে ঘিলামৰা নৰ্থ বেঙ্ক মহাবিদ্যালয়ৰ অধ্যাপক, অভিনেতা তথা নাট্যকাৰ হৰেণ শইকীয়াই।ঘিলামৰা প্ৰেছ ক্লাবৰ সভা ঘৰত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানৰ অংশ হিচাপে ঘিলামৰাৰ এজন সফল অভিভাৱক ফনিধৰ চুতীয়াক বিশেষ সম্বৰ্ধনা জনোৱা হয়।
91 Comments