sangbad lahar logo

ঘিলামৰাত ক’ভিড যোদ্ধা সকলক সম্বৰ্দ্ধনা জ্ঞাপন কাৰ্যসূচী।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ১৮ বছৰৰ উৰ্ধৰ সকলো লোকক সামৰি ক’ভিড প্ৰতিষেধক ভেকচিন প্ৰদান কাৰ্যসূচী অব্যাহত ৰখা হৈছে । ইয়াৰ সমান্তৰালকৈ ভাৰতত ইতিমধ্যে সন্তোষজনক ভাৱে ১০০ কোটি লোকে ক’ভিড প্ৰতিষেধক ভেকচিন গ্ৰহণ কৰি পৃথিৱীৰ ভিতৰতে এক অভিলেখ সৃষ্টি কৰিছে । ১০০ কোটি ভাৰতীয়ই ইতিমধ্যে মহামাৰী ক’ভিডক প্ৰত্যাহ্বান জনাই গ্ৰহণ কৰিছে প্ৰতিষেধক । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সফল নেতৃত্বত দেশখনৰ ১০০ কোটি জনসাধাৰণক ভেকচিন প্ৰদান কাৰ্য্য সম্পন্ন হোৱা উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ ঘিলামৰা মণ্ডলৰ তৰফৰ পৰা সন্মুখত থিয় হৈ সাঁহসেৰে ক’ভিডৰ বিপক্ষে যুঁজ দিয়া ক’ভিড যোদ্ধা সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে ঘিলামৰাত এক সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।সম্বৰ্ধনা কাৰ্যসূচীৰ অংশ হিচাপে ঘিলামৰা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী সকলৰ ওপৰিও ঘিলামৰা উন্নয়ন খণ্ডৰ অধীনৰ সোৱণশিৰি, মৰনৈ, সোনাৰি চাপৰি, বেবেজীয়া আদি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সমূহৰ স্বাস্থ্য কৰ্মী সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *