গৰৈমাৰীৰ টুক্ৰাৰাপাৰাত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ…

গৰৈমাৰীৰ টুক্ৰাৰাপাৰাত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ।ৰাজ্যত এতিয়া তীব্ৰতৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ।বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে যদিও এই ক্ষেত্ৰত পিছ পৰি থকা নাই কংগ্ৰেছ দলৰ নেতা কৰ্মী।উল্লেখ্য যে গৰৈমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত গৰৈমাৰীৰ টুক্ৰাপাৰা চাৰিআলিত ৩ নং গৰৈমাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আচমিনা হক চৌধুৰীৰ লগতে টুক্ৰাপাৰা গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ আঞ্চলিক সদস্যা পদৰ প্ৰাৰ্থীৰ হৈ মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলায় বিধায়ক ৰেকিবুদ্দিন আহমেদে।গৰৈমাৰী ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল ইছলামৰ পৌৰহিত্য অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত বিধায়ক ৰেকিবুদ্দিন আহমেদে ভাষন প্ৰসংগত কয় যে নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী আৰু পূৱছমৰীয়া জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ক্ৰমে আচমিনা হক চৌধুৰী, হজৰত আলীৰ লগতে আঞ্চলিক সদস্যা পদৰ প্ৰাৰ্থী ফিৰোজা খাতুনে বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে বিধায়ক আহমেদে।উক্ত নিৰ্বাচনী সভাত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰ নাহাৰ জিয়াক ক্ষুৰদাৰ সমালোচনা কৰে বিধায়ক আহমেদে।সভাত কেইবাজন কংগ্ৰেছী নেতাই দুই গৰাকী প্ৰাৰ্থীৰ হৈ হাতৰ ছবিত ভোট প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনায়।এই নিৰ্বাচনী সভাত কামৰূপ জিলা কংগ্ৰেছৰ উপসভাপতি স্বাহাব উদ্দিন চৌধুৰী,কামৰূপ জিলা কংগ্ৰেছৰ সহকাৰী সম্পাদক জাকিৰ হুছেইন,মহিলা কংগ্ৰেছৰ নেত্ৰী সাজিদা বেগমকে প্ৰমূখ্য কৰি ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে।