
ঢেকীয়াজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ-চাপৰি অঞ্চলত অবৈধ ভাবে বসবাস কৰা লোক সকলক চৰ-চাপৰি খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।চৰ অঞ্চল সমূহত যি সকল লোকে ঘৰ, বস্তি সাজি খেতি-বাতি কৰি বেদখল কৰি আছিল সকলোকে পোন্ধৰ দিনৰ ভিতৰত বেদখল মুক্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ঢেকীয়াজুলীৰ চক্ৰ বিষয়াই। নিৰ্দেশ পোৱাৰ পিছতেই চৰাঞ্চল সমূহত বসবাস কৰি থকা লোকসকলৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান চৰৰ মাতি উচ্ছেদ কৰক কিন্তু আমাক জীয়াই থাকিবলৈ অন্য স্থানত সংস্থাপনৰ ব্যৱস্থা কৰক।