sangbad lahar logo

গৰমৰ দিনত ছালৰ যতন কিদৰে ল’ব ?

গৰমৰ দিনত সূৰ্য্যৰ প্ৰখৰ তাপ, ঘাম আদিৰ বাবে আমাৰ ছাল-চুলিৰ যথেষ্ট পৰিমানে  ক্ষতি হয় । এইদিনকেইটাত সেয়েহে ছাল-চুলিৰ উপযুক্ত যত্ন ল’ব লাগে।গৰমৰ দিনকেইটাত পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে। চাব যাতে চুলিৰ গুৰিবোৰ ঘামি তেলেতীয়া হৈ নাথাকে। প্ৰয়োজন অনুসাৰে চুলিবোৰ চেম্পু কৰিব। কণ্ডিচনাৰ ব্যৱহাৰ কৰিব।সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিয়ে ছালক বেয়াকৈ প্ৰভাৱিত কৰে । গৰমৰ দিন অহাৰ লগে লগে ছালৰ  প্ৰাকৃতিক উজ্বলতা হেৰাই যায় । ৰ’দে পোৰা, শালম‍ইনা, ঘামচি আদি সমস্যাই গা কৰি উঠে । কিছুমান ঘৰুৱা উপায় ব্যৱহাৰ কৰি ছালৰ  সতেজতা ঘুৰাই আনিব  পাৰি । পাণী খাব প্ৰচুৰ পৰিমাণে । চানস্ক্ৰীন ব্যৱহাৰ কৰিব ।মুলতানী মাটি , গোলাপজল, কমলাৰ শুকান বাকলিৰ গুৰি সমান পৰিমানত একেলগে মিহলাই দহমিনিট মুখত লগাই থৈ ঠাণ্ডা পাণীৰে ধূব । ছালখন নিমজ আৰু উজ্বল হ’ব।তিয়হ , নেমুৰ ৰস মিহলাই আইচ কিউব বনাই থব । মাজে মাজে মুখত ঘহিব । মুখখন উজ্বল হ’ব আৰু  শালমইনা ও কমিব।গাখীৰ , মৌ, আৰু নেমু ৰস মিহলাই ১৫ মিনিট মুখত লগাই ধূব । ৰ’দে পোৰা দাগ কমিব।

Related Articles