sangbad lahar logo

গোৱালপাৰীয়া লোকগীতৰ সংগীত সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি ৮৭ সংখ্যক ওপজা দিন।

গোৱালপাৰীয়া লোকগীতৰ সংগীত সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি ওপজা দিন।যাৰ প্ৰচেষ্টাত জীপাল হৈছে গোৱালপাৰীয়া লোকগীত।যাৰ গানত প্ৰকাশ পাইছিল অসমীয়া জীৱনৰ ভাব ।যি গীতে আমাক তুলি ধৰে অসমীয়া জীৱনৰ প্ৰতিচ্ছবি।যাৰ গীতত হাতী আৰু মানুহৰ সু-সম্পৰ্কৰ লগতে নৌকা আৰু নদ-নদীৰ কথা সমৃদ্ধ হৈ আছে।যাৰ গীতে আমাৰ অসমীয়া থলুৱা জীৱন যাপনৰ ছবি দাঙি ধৰে।যাৰ গীতত অসমীয়া নিভাঁজ পৰম্পৰাৰ কথা প্ৰকাশ পায়।যাৰ গীতত গোৱালপাৰীয়া পৰম্পৰা প্ৰতিফলিত হয়।গোৱালপৰীয়া লোকগীতলৈ আগবঢ়োৱা অৱদানৰ বাবেই তেওঁক ভাৰত চৰকাৰে সন্মানিত কৰিছিল ‘পদ্মশ্ৰী’ বঁটাৰে।প্ৰতিমা পাণ্ডে বৰুৱাই অসমৰ গোৱালপাৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি সপোন দেখিছিল সেইয়া আজি বাস্তৱায়িত।যাৰ বাবে গোৱালপাৰীয়া লোকগীতক অসমৰ প্ৰতিটো প্ৰান্তত এক নতুন ৰূপে আদৰি লৈছে।যাৰ বাবেই আজিয়ো অমৰ তেওঁ,সেয়ে আজিৰ এই সন্ধিক্ষনত তেওঁলৈ আমাৰ ফালৰ পৰাও গভীৰ শ্ৰদ্ধাঞ্জলি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *