
বিগত বৰ্ষত সফলতাৰে ১০ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছিল নামনি অসম গ্ৰাম্য মহোৎসৱ। ধুবুৰী-গোৱালপাৰা, খলিছাভিটাৰ তাৰাংগাঝাৰ দলংৰ কাষত দহ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছিল মহোৎসৱ। বিভিন্ন ধৰণৰ আলোক সজ্জাৰে সজ্জিত মহোৎসৱ থলীত নামনি অসমৰ জনতাৰ সোঁত বৈছিল। ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হৈ আছে আৰু এই বেলিও অহা জানুৱাৰীত ন-উদ্যমেৰে মহোৎসৱ অনুষ্ঠিত কৰা হ’ব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে । গাঁৱলীয়া কলা-সংস্কৃতি-সাহিত্য আদিৰ সমাহাৰ ঘটা মহোৎসৱৰ বাবে দিন-ক্ষনগনি আছে স্থানীয় লোকে ।মহোৎসৱ অনুষ্ঠিত কৰাৰ প্ৰাক মুহূৰ্তত বলিষ্ঠ সমিতি গঠন কৰা হ’ব আৰু কোনো অপশক্তিয়ে যাতে পৰিবেশ বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে স্থানীয় যুৱ শক্তি সষ্টম হৈ থাকিব বুলিও জানিবলৈ দিয়ে। স্থানীয় শ্মশান পথাৰত হিন্দু-মুছলমানৰ ভাতৃত্ববোধৰ নিদৰ্শন স্বৰূপে উক্ত মহোৎসৱ প্ৰতি বছৰেই পালন কৰা হ’ব। যোৱা মহোৎসৱত প্ৰদৰ্শিত হৈছিল বহু কলা সংস্কৃতি, নৃত্য-গীত। ৰাইজৰ বিপুল সহাঁৰিয়ে মহোৎসৱ থলী ভৰি পৰিছিল আৰু উপভোগ কৰিব পাৰিছিল বহু নতুন-নতুন অভিজ্ঞতাৰ। ধুবুৰী জিলাৰ দক্ষিণ পাৰত আৰু গোৱালপাৰা জিলাৰ পশ্চিম প্ৰান্তৰ সীমান্তৰ উক্ত গ্ৰাম্য মহোৎসৱে ভাতৃত্ববোধ বজাই ৰাখিবলৈ সক্ষম হৈছে বুলি স্থানীয় ৰাইজে দাবী কৰে। এই বৰ্ষৰ মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগিতা কামনা কৰে উদাযাপন সমিতিয়ে। জানিব পৰামতে সোনকালেই নতুন উদযাপন সমিতি গঠন কৰি পূৰ্নদমে প্ৰস্তুতি চলোৱা হ’ব বুলি জানিব পৰা গৈছে।