
আজি বিশ্ব সামাজিক ন্যায় দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীত ৰিজ’নেল চাইন্স চেন্টাৰত অনুষ্ঠিত কৰা এখনি সভাত গোৱালপাৰা জিলাৰ এগৰাকী উদীয়মান সমাজ সেৱক তথা গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমুল হক চৌধুৰীক নাগৰিকত্ব শান্তি বঁটা ২০২১ ৰে সন্মানিত কৰে। জানিব পৰা মতে স্কুলীয়া দিনৰে পৰা বিভিন্ন সামাজিক কৰ্মৰ লগত জড়িত যুৱক গৰাকী শেহতীয়াভাৱে লক ডাউনৰ সময়ছোৱাত ৰাইজক বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াইছিল । লগতে প্ৰতি বছৰে বানত ককবকাই থকা বানপীড়িত অঞ্চলৰ অসহায় ৰাইজক সহায় কৰা, সমাজৰ পৰা বাল্য বিবাহ, শিশু শ্ৰমিক, মদ- জুৱা, অন্ধবিশ্বাস, কু-সংস্কাৰ আদি বন্ধ কৰা কামৰ লগত তেওঁ বিশেষভাৱে জড়িত।পিছপৰা অঞ্চলসমূহত শিক্ষা, ৰক্ত দান আদিৰ ওপৰত ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰা, বিভিন্ন সমস্যাৰ ক্ষেত্রত বলিষ্ঠ ভাৱে মাত মাতি আহিছে আনিমুল হক চৌধুৰীয়ে ।উক্ত বিভিন্ন কৰ্মৰে সমাজত নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰাৰ বাবে তেখেতক এই বঁটাৰে সন্মানিত কৰাত জিলা বাসীয়ে আনিমুল হক চৌধুৰীক উষ্ম আদৰণি জনাইছে।