ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ লাউডোবাতো অতি ব্যাপক উলহ-মালহেৰে যোৱা ২৩ জানুৱাৰী ২০২৩ তাৰিখ সোমবাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬সংখ্যক জন্ম জয়ন্তী পালন কৰা হয় ৷ লাউডোবা আঞ্চলিক নেতাজী ক্লাৱৰ সৌজন্যত নেতাজী জন্ম জয়ন্তী উদযাপন সমিতিয়ে ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলনেৰে জন্মজয়ন্তী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পিছতে বৃক্ষৰোপণ কৰে লাউডোবা গাওঁ উন্নয়ন সমিতিৰ সভাপতি গোপাল বিশ্বাসে ৷ তাৰ পিছত নেতাজীৰ প্ৰতিমূৰ্ত্তি স্থাপন ,প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে হেকৰা -যোগীপাৰা গাওঁ পঞ্চায়তৰ সভাপতি পুস্পলতা বিশ্বাস, অৱসৰপ্ৰাপ্ত শিক্ষক তাৰিনীকান্ত দাস,আৰু মনমোহন নাথে ৷ লাউডোবা আঞ্চলিক নেতাজী ক্লাৱৰ সদস্য-সদস্যাৰ দ্বাৰা সমবেত সংগীত পৰিৱেশনৰ পাছতেই ৰাতিপুৱা ১০বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে লাউডোৱা নেতাজী ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক নৱকুমাৰ বিশ্বাসে ৷ নেতাজী জন্ম জয়ন্তী উদযাপন সমিতিৰ সভাপতি, বাগডোবা বেছিমাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক তথা “জীৱনযোৰা সমাজসেৱা বঁটা” প্ৰাপ্ত হৰিদাস বিশ্বাসে বিবিধ জ্ঞানগৰ্ভ কথাৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে আমাৰ সমাজখনে নেতাজীৰ আদৰ্শেৰে চলা উচিত বুলি মন্তব্য আগবঢ়ায় ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নেতাজী জন্মজয়ন্তী উদযাপন সমিতিৰ সম্পাদক খুকন বাঢ়ৈয়ে ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক ড.বৰুণ কুমাৰ সাহা ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ আগবঢ়ায় অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড.আল্পনা সৰকাৰে ৷লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধূপধৰা বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড.মনোজ গগৈ আৰু হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড.গনেশ্বৰ চহৰীয়া ৷ বিশ্বনেতাগৰাকীৰ এই জন্ম জয়ন্তী উদযাপন অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহত্তৰ লাউডোবা অঞ্চলৰ ৰাইজ উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে নেতাজী জন্ম জয়ন্তী উদযাপন সমিতিৰ বিত্ত বিভাগৰ সভাপতি ভজন বিশ্বাস আৰু অজয় কুমাৰ শীলে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷