
এইবাৰ অসম-মেঘালয় সীমান্তত, দৰংগিৰি শৰণীয়াপাৰা গাঁৱত দুটাকৈ পৰিয়ালক গৃহহীন কৰিলে এজাক বনৰীয়া হাতীয়ে l মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা প্ৰায় ৩০/৩৫ টা হাতীৰ এটা বৃহৎ জাকে শনিবাৰে নিশা শৰণীয়া পাৰা গাঁৱত সৃষ্টি কৰিলে তীব্ৰ আতংক l গাঁও খনৰ মদন খাখলাৰী আৰু সঞ্জীৱ খাখলাৰীৰ পৰিয়ালত ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰে l দুয়োটা পৰিয়ালৰ মুঠ সাতটা কৈ ঘৰ ভাঙি প্ৰায় নিঃচিহ্ন কৰে l ইয়াৰে সঞ্জীৱ খাখলাৰীৰ চাৰিওটা ঘৰ ভাঙি সম্পূৰ্ণ গৃহহীন কৰি তোলে l তেওঁৰ পৰিয়ালত ইমানে ক্ষতি কৰে যে চাৰিটা ঘৰত থকা পালেং, চকী, মেজ, আলমাৰী, টিভি, কিতাপ পত্ৰ, বাচন-বৰ্তন, কাপোৰ সকলো ভাঙি চিঙি বিনষ্ট কৰে ! পৰিয়ালটো চলিবলৈ কোনো সম্বলেই নাই l সেয়ে গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছে পৰিয়াল দুটাক সহায় কৰাৰ ! কিন্তু সেইখিনিয়ে যথেষ্ঠ নহ’ব বুলি ৰাইজেও জানে । গতিকে ভূক্তভোগী পৰিয়াল দুটাক সহায় কৰিবলৈ চৰকাৰক দাবী জনায় ৰাইজেও।