sangbad lahar logo

গোৱালপাৰাৰ মহিলা মণ্ডল বৃদ্ধাশ্ৰমত বিৰিঙালে হাঁহিৰ ৰেঙনি।

নিউজ ডেস্ক: ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু ক্ষমতায়ন মন্ত্রানালয়ৰ দ্বাৰা অনুমোদিত গোৱালপাৰাৰ ভালুকডুবিস্থিত জ্যেষ্ঠ নাগৰিক গৃহ’ত ৰবিবাৰে আৰক্ষী প্ৰশাসনৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই বৃদ্ধ আবাসীসকলৰ খা-খবৰ লৈ অত্যাৱশ্যকীয় আৰু খাদ্যসামগ্ৰী বিতৰণ কৰে। নগাঁও জিলাৰ ‘মহিলা মণ্ডল’ নামৰ বেচৰকাৰী সংস্থাটোৰ তত্বাৱধানত বিগত এবছৰতকৈ অধিকদিন ধৰি চলি থকা এই বৃদ্ধাশ্ৰমখনত বৰ্তমানে মুঠ নগৰাকী বৃদ্ধলোকে নিবাসী হৈ আছে। জীৱনৰ এই বিয়লি বেলাত জীৱনৰ ৰং হেৰুৱাই বৃদ্ধাশ্ৰমত আশ্ৰয় ল’বলৈ বাধ্য হোৱা এইসকল দুৰ্ভগীয়ালোকক ক্ষন্তেক সময়ৰ বাবে সান্নিধ্য দিয়াৰ উদ্দেশ্যে ব্যস্ততাৰ মাজতো সময় উলিয়াই জ্যেষ্ঠ নাগৰিক গৃহটোত ৰবিবাৰে দুপৰীয়া উপস্থিত হয় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই। তেওঁ বৃদ্ধাশ্ৰমখনৰ আবাসীসকলৰ সৈতে আত্মীয়তাৰে মত বিনিময় কৰি প্ৰতিজনৰে স্বাস্থ্যৰ খবৰ লয়।লগতে তেওঁ প্ৰতিজন আবাসীৰ হাতত এটোপোলাকৈ অত্যাৱশ্যকীয় আৰু খাদ্যসামগ্ৰী মৰম আৰু শ্ৰদ্ধাৰে উপহাৰ দিয়ে। ক্ষন্তেক সময়ৰ বাবে হ’লেও অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীৰ সৈতে আত্মীয়তাৰ সান্নিধ্য পাই বৃদ্ধ আবাসীসকলৰ মুখত হাঁহি বিৰিঙি উঠা দৃশ্যত আৰক্ষী বিষয়াগৰাকীয়েও আপ্লত হোৱা পৰিলক্ষিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *