
গোৱালপাৰাৰ বলদমাৰী বাঁহৰ সাঁকৰ পৰা পানীত পৰি ষষ্ঠম শ্ৰেণীৰ ছাত্ৰৰ সলিল সমাধি ঘটে।জানিব পৰা মতে আজি অনুমান দিনৰ ১১.৩০ বজাত গোৱালপাৰা চহৰৰ সমীপতে থকা বলদমাৰিত থকা বাঁহৰ সাকোৰ ওপৰেদি ছাত্ৰ এজনে পাৰ হবলৈ ধৰোঁতে পানীত পৰি মৃত্যু হোৱা ঘটনাই অঞ্চল ব্যাপি শোকৰ পৰিছে।
মৃত ছাত্ৰ জন অজয় দাস (১২)বুলি জানিব পৰা গৈছে।ছাত্ৰ জন লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰগত জুৰিগাঁৱৰ বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।ষষ্ঠম শ্ৰেণীত পঢ়ি থকা অজয় দাসে আলহী খাবলৈ আহিছিল গোৱালপাৰাত।
আজি সমনীয়াৰ সৈতে খেলি থাকতে হঠাৎ বাঁহৰ সাঁকত উঠে আৰু পিছলি পৰি মৃত্যুক সাৱটি লবলগীয়া হৈছে বুলি প্ৰত্যক্ষ দর্শীয়ে জানিবলৈ দিয়ে।