sangbad lahar logo

গোৱালপাৰাত মন্ত্ৰী অজন্তা নেওগৰ কোভিডত স্বামীহাৰা মহিলাক ২.৫ লাখ টকাকৈ চেক প্ৰদানঃ অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় উদ্বোধন….

সোমবাৰে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে কোভিডত স্বামীহাৰা হোৱা জিলাখনৰ ২৪ গৰাকী মহিলাক ২.৫ লাখ টকাকৈ চেক প্ৰদান কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্যত কয় যে, মহিলাসকলক সামাজিক আৰু আৰ্থিক নিৰাপত্তা প্ৰদানৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ একান্ত প্ৰচেষ্টাত ‘কোভিডত স্বামীহাৰা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনি’ শীৰ্ষক এক আঁচনি ৰূপায়ণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ লগতে কয় যে, নিজৰ স্বামীক হেৰুওৱাৰ বেদনা অত্যন্ত মৰ্মান্তিক। ময়ো মোৰ স্বামীক হেৰুওৱাৰ দিনা চিন্তা কৰিছিলো আগন্তুক দিনবোৰ কেনেকৈ অতিবাহিত কৰিম। মই আপোনালোকৰ দুখৰ সমভাগী হ’বলৈ আজি ইয়ালৈ আহিছো। কোভিড-১৯ত স্বামীহাৰা হোৱা মহিলাসকলৰ দুখৰ সৈতে আমাৰ চৰকাৰ সমভাগী হৈছে। এইখন আচলতে আঁচনি নহয়, দুখৰ সময়ত আপোনালোকৰ পৰিয়ালবৰ্গলৈ অকণমান আৰ্থিক সাহায্য আগবঢ়োৱাৰ উদ্দেশ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোক যাতে সমাজত সন্মান সহকাৰে জীয়াই থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এয়া আমাৰ চৰকাৰৰ ক্ষুদ্ৰ প্ৰয়াস। আমি নাৰী, আমি হতাশ হ’লে নহ’ব। আপোনালোক আপোনালোকৰ সন্তানৰ বাবে জীয়াই থাকিব লাগিব আৰু তাৰ বাবে আপোনালোক এতিয়াৰ পৰা আৰু অধিক শক্তিশালী হ’ব লাগিব । ইয়াৰ উপৰিও তেওঁ কয় যে, আমি পূৰ্বেও বহু সমস্যাৰ সন্মুখীন হৈছো, কিন্তু কোভিড মহামাৰীৰ দৰে সমস্যাৰ আমি প্ৰথম মুখামুখি হৈছো। আমি আশা ৰাখিছো আগন্তুক দিনবোৰত আমি কোভিডক প্ৰতিহত কৰিবলৈ সক্ষম হ’ম। কোভিড মহামাৰীক প্ৰতিহত কৰাৰ স্বাৰ্থতে আমি টীকাকৰণত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছো। এই ক্ষেত্ৰত আপোনালোক সকলোৱে টীকাকৰণৰ বাবে আগবাঢ়ি আহিব লাগিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *